Niet blij met je aankoop? Geeft niet! Je kunt artikelen tot 30 dagen retourneren
Met een cadeaubon zit je altijd goed. De ontvanger kan de cadeaubon voor alles uit ons assortiment inwisselen.
Tot 30 dagen retourrecht
এই অনুভৱৰ সংগ্ৰহ খনত মোৰ দ্বাৰাই এসোপামান অনুভৱৰ অপৈণত প্ৰকাশ কৰা গৈছে।
হেপাঁহ সকলোৰে বৰ প্ৰিয়, সেই হেঁপাহৰ আহ্বান মৰ্মে অনুভৱবোৰ দুই-এটা শব্দৰে সজাইছোঁ।
মোৰ মনত বৰ উন্নত নহয় বাবে অপৈণত নামটো ৰাখিছোঁ, কেতিয়াবা স্মৃতিৰ অনুভৱ বিচাৰি নাপালে এই পৃষ্ঠাবোৰ লুটিয়াই ৰোমন্থন কৰাৰ ইচ্ছা আছে,সেইবাবে ভুল শুদ্ধ বিচাৰ নকৰি যিদৰে আছে সেইদৰেই ইয়াত অনুভৱবোৰ সজাই থোৱা হৈছে..
জীৱনে আজিলৈ বহুখিনি শিকাইছে, অনুভৱ কৰাৰ দৰেই কবিতাত প্ৰকাশ কৰাৰ চেষ্টা কৰি কৰি গৈ আছোঁ, কিমানখিনি সফল হৈ আছে মোৰ সেই প্ৰচেষ্টা, মই হয়তো ভালকৈ তাকো হৃদয়ংগম কৰিব নোৱাৰিম..কিন্তু সেই প্ৰচেষ্টাৰ কোনোবাখিনিত মোৰ প্ৰেম লুকাই আছে বাবেই অনুভৱ প্ৰকাশৰ নৈ বৈ গৈ আছে..সেই নৈখনক সাগৰৰ লগত চিনাকি কৰি দিব পাৰিলেহে কোনোবাখিনিত সফল অনুভৱ কৰিম...
অবিনাশ কলিতা